ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত আধুনিক চিকিৎসা শিক্ষাৰ প্ৰসাৰ
ডাঃ পুলিন চন্দ্ৰ কুমাৰ শৈল চিকিৎসা বিভাগ ধুবুৰী চিকিৎসা মহাবিদ্যালয় ধুবুৰী, অসম
” নহি জ্ঞানেন সদৃশং পৱিত্ৰমিহ বিদ্যতে “
জ্ঞানৰ সমান পৱিত্ৰ বস্তু এই পৃথিৱীত একোৱেই নাই।
আৰম্ভণি:–
========= প্ৰায় কুৰিশতিকাৰ প্ৰথমাৰ্দ্ধলৈকে ভাৰতবৰ্ষৰ উত্তৰ পূর্বাঞ্চলত আধুনিক চিকিৎসা শিক্ষাৰ কোনোধৰনৰ ব্যৱস্থা নাছিল। খুউব কম সংখ্যক মানুহহে শিক্ষিত আছিল। উচ্চ শিক্ষিত লোকৰ সংখ্যা আছিল আঙুলিৰ মূৰত গণিব পৰাবিধৰ। মানুহৰ সংখ্যাও আছিল কম। বেমাৰ আজাৰৰ সময়ত মানুহবোৰে নানাধৰণৰ প্ৰাকৃতিক চিকিৎসাৰ উপৰিও নানাবিধ জৰাফুকা, বেজ বেজালিৰ লগতে আয়ুর্বেদিক, হোমিঅ আদি চিকিৎসাৰ সহায় লৈছিল। খাদ্যাভ্যাস, বিভিন্ন দৈহিক পৰিশ্ৰম আৰু প্ৰদূষণমুক্ত নিৰ্মল জলবায়ুৰ বাবে অৱশ্যে জন্মগতভাৱে মানুহবোৰ বহুতখিনি ৰোগ প্ৰতিৰোধ সক্ষম (immunne) আছিল যাৰ বাবে তেওঁলোক বৰ বেছি ৰোগৰ বলি হব লগা নহৈছিল। জ্বৰ, কাঁহ, বিষ, বেদনা, পেটৰ অসুখ, কটা চিঙা আদিবোৰ ৰোগ নানাবিধ বনদৰৱৰ দ্বাৰাই তেওঁলোকে নিঃশেষ কৰিব পাৰিছিল। সমস্যা আছিল দুর্ভিক্ষ, মহামাৰী আদিবোৰ পৰিস্থিতিৰ মোকাবিলা কৰা। তেনেধৰণৰ এক জটিল সময়তে এনে সমস্যাসমূহৰ সন্মুখীন হব পৰাকৈ এই অঞ্চলত আৱিৰ্ভাৱ হৈছিল কিছুমান দেৱদূত সদৃশ ব্যক্তিৰ যাৰ অবিহনে হয়তো চিকিৎসাবিজ্ঞানৰ শিক্ষা আৰু সেৱাৰ ক্ষেত্ৰত আমি আজিৰ এই পর্যায়ত উপবিষ্ট হব নোৱাৰিলোহেতেন।
অসম চিকিৎসা মহাবিদ্যালয়, ডিব্রুগড়:-
===
উনৈশ শ শতিকাৰ দ্বিতীয়ভাগ সময়ৰ কথা। গোটেই ভাৰতবৰ্ষতে বৃটিছ শাসন। ১৮৫৭ চনত বৃটিছ ছার্জন ” DR. JOHN BERRY WHITE, MRCS” (জন বেৰী হোৱাইট) ক ভাৰতবৰ্ষৰ Assistant Surgeon হিচাবে নিযুক্তি দিয়া হ’ল। ডাক্টৰ বেৰী হোৱাইট ১৮৫৮ চনত সুদূৰ ইংলেণ্ডৰ পৰা ভাৰতবৰ্ষৰ অসমলৈ ৰাওনা হল। প্রায় ১২ বছৰ কাল তেখেতে ABOR EXPEDITIONARY FORCE ত Assistant Surgeon হিচাপে সেৱা আগবঢ়োৱাৰ পিছত Surgeon লৈ পদোন্নতি পাই লক্ষীমপুৰত Civil Surgeon হিচাবে যোগদান কৰে। সেই সময়ত তেখেতে সঘনাই ডিব্ৰুগড়কে ধৰি ওপৰ অসমৰ চাহ বাগিচাসমূহৰ এলেকাসমূহ পৰিদৰ্শন কৰি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাসমূহৰ বুজ লবলৈ ধৰে। লগেলগে তেখেতে এইটোও অনুধাৱন কৰিবলৈ ধৰিলে যে এই বৃহত্তৰ অঞ্চলত মানুহৰ সুস্বাস্থ্য সম্পর্কত জ্ঞান প্ৰায় শূন্য। কি কৰিব পৰা যায় তাৰ চিন্তাই ডাক্টৰ বেৰী হোৱাইটক ব্যাকুল কৰি তুলিলে। স্থানীয় যুৱচামক কিছু চিকিৎসাশাস্ত্ৰৰ জ্ঞান দিবলৈ তেখেত উদ্বাউল হৈ পৰিল। ইতিমধ্যেই বিভিন্ন পদোন্নতি লৈ ওপৰ অসমৰ বিভিন্ন ঠাইত সেৱা আগবঢ়োৱাৰ পিছত ১৮৮১ চনত Assam Railways and Trading Company ত প্রতিস্থাপক সঞ্চালক হিচাবে নিযুক্তি লাভ কৰে। কিন্তু চিকিৎসাশিক্ষাৰ প্ৰসাৰৰ চিন্তাই যেন লগ নেৰা হল। ১৮৯৫ চনত অৱসৰৰ পিছত শাৰীৰিক অসুস্থতাৰ হেতু তেখেত ইংলেণ্ডলৈ উভতি যাবলগীয়া হল যদিও তেখেতৰ সাঁচতীয়া ধনৰ পৰা পঞ্চাশ হাজাৰ টকা এখন Medical Institute স্হাপনৰ বাবে অনুদান হিচাবে আগবঢ়ায়। ঠিক তেনেদৰেই ১৮৯৮ চনত Institute খন আৰম্ভ হল যদিও তাক চচক্ষে দেখাৰ অযুত সপোন বুকুত বান্ধি লৈ তাৰ আগতে ১৮৯৬ চনত ইংলেণ্ডতে তেখেতে ইহলীলা সম্বৰণ কৰিলে। ১৯০০ চনত ইয়াৰ কামকাজ আৰম্ভ হল যদিও ১৯০২ চনতহে আনুষ্ঠানিক ভাৱে “Dr. Berry White Medical School ” হিচাবে ইয়াৰ উদ্বোধন কৰে পূববেংগল আৰু অসমৰ লেফটেনেন্ট গৱৰ্ণমেন্ট Sir Joseph Bampfyed য়ে। লগেলগে Assam Medical Act ৰ অধীনত এই মেডিকেল স্কুলত Assistant Surgeon ৰ বাবে চাৰিবছৰীয়া LMP পাঠ্যক্রম, Compounder ৰ বাবে দুবছৰীয়া LCP পাঠ্যক্ৰম আৰু Nursing Assistant ৰ বাবে এবছৰীয়া Diploma পাঠ্যক্ৰমৰ পাঠদানৰ পৰ্ব আৰম্ভ হৈ গল।
পৰীক্ষা সমূহৰ নিয়ন্ত্ৰণৰ দায়িত্ব দিয়া হল Assam Medical Examination Board ক। ১৯৩৮ চনত গোপীনাথ বৰদলৈৰ নেতৃত্বত Assam Branch of LMP লগত হোৱা আলোচনামর্মে এই বেৰী হোৱাইট মেডিকেল স্কুলখনক এখন পূর্ণাংগ মেডিকেল কলেজলৈ ৰূপান্তৰ কৰিবলৈ সিদ্ধান্ত লোৱা হয়। কিন্তু বিভিন্ন বিধিগত নীতিনিয়ম আৰু আন্তঃগাঁঠনিৰ সীমাবদ্ধতাৰ দোহাই দি বৃটিছসকলে সহজতে তাক সফল হবলৈ নিদিলে। ১৯৪৭ চনৰ পোন্ধৰ আগষ্টৰ নিশা ভাৰতবৰ্ষক স্বাধীন ৰাষ্ট্ৰ হিচাবে ঘোষণা কৰাৰ পিছৰে পৰা গোপীনাথ বৰদলৈৰ নেতৃত্বত এই দাবীয়ে পুনৰ উক দি উঠে আৰু সেই বছৰতে অৰ্থাত ১৯৪৭ চনৰ তিনি নৱেম্বৰ তাৰিখে এক উন্নীতকৰণ প্ৰক্ৰিয়াৰ (Upgradation) জড়িয়তে বেৰী হোৱাইট মেডিকেল স্কুলখনক ডিব্রুগড়তেই অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় হিচাবে” অসম চিকিৎসা মহাবিদ্যালয় ” স্হাপন কৰা হয়। সেই ১৯৪৭ চনতে MBBS পাঠ্যক্ৰমৰ প্ৰথমবৰ্ষৰ বাবে অসমৰ বিশেষকৈ ওপৰ অসমৰ বিভিন্ন স্থানৰ পৰা বিচাৰ খোচাৰ কৰি বাৰজন শিক্ষাৰ্থীৰ নাম ভর্তি কৰোৱা হয়। ডাঃ হেমচন্দ্ৰ বৰুৱাক মহাবিদ্যালয়খনৰ প্ৰথমজন অধ্যক্ষ হিচাবে নিযুক্ত কৰা হয়। সেই কাৰণেই
ডাঃ জন বেৰী হোৱাইটক ভাৰতবৰ্ষৰ উত্তৰ পূর্বাঞ্চলত আধুনিক চিকিৎসাৰ শিক্ষা আৰু সেৱাৰ প্ৰসাৰৰ ক্ষেত্ৰত ” জনক” হিচাবে বিভুষিত কৰা হয়।
সেই সময়ত ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো লোকেই উন্নত চিকিৎসাৰ কাৰণে এই মেডিকেল খনলৈকে ঢাপলি মেলিছিল আৰু চিকিৎসা লাভ কৰিছিল।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়:–
কিন্তু লাহেলাহে যেতিয়া স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাৰ চাহিদা বাঢ়িবলৈ ধৰিলে তেতিয়া অসম চৰকাৰে নতুনকৈ আৰু মেডিকেল কলেজ স্থাপনৰ কথা চিন্তা কৰিবলৈ ধৰিলে।
তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় বিমলা প্রসাদ চলিহা, বিত্তমন্ত্রী ফকৰুদ্দিন আলি আহমদ, স্বাস্থ্যমন্ত্ৰী ৰূপনাথ ব্রহ্ম আদি লোকসকল লগ হৈ এখন উচ্চ পর্যায়ৰ বিশেষজ্ঞ কমিটি গঠন কৰি দিলে আৰু তেখেতসকলক অতি সোনকালে বিষয়টোৰ ওপৰত টোকা দিবলৈ অনুৰোধ কৰিলে। কমিটিখনত আছিল–
1. Chairman–Dr. Basudev Narayan, Member– Medical Council of
Principal of Kalinga
Medical College, Udisha.
2. Medical Secretary of India– Dr. A. B. Dasgupta.
3. Director of Health Services, Assam– Dr.
B. L. Chaudhury.
4. Director of Pasteur Institute, Shillong–Dr. R. I. Cunvik.
5. Principal of Assam Medical College, Dibrugarh — Dr. S. N. Sarma.
6. M. L. A., Gauhati– Dr. G. C. Das.
7. Dr. B. Bhattacharjya, Silchar.
8. Raisahab Apurba Dutta, Silchar and
9. DR. U. C. Bordoloi, Retired DHS, Assam.
উক্ত বিশেষজ্ঞ কমিটিয়ে অর্থনৈতিক, ভৌগোলিক, সামাজিক আদি বিভিন্ন দিশবোৰ চালিজাৰি চাই অসমত একেলগে দুখন মেডিকেল কলেজ স্থাপনৰ পোষকতা কৰিলে। তাৰে এখন গুৱাহাটীত আৰু আনখন দক্ষিণ অসমৰ শিলচৰত। এই প্রতিবেদনক ভিত্তি কৰি অসম চৰকাৰে একেলগেই ইং ১৯৬০ চনৰ আগষ্ট মাহৰ পৰা দুয়োখন মেডিকেল কলেজ স্থাপনৰ যো — জা চলালে আৰু লগেলগে ১৯৬০ চনৰ ৬ এপ্ৰিলৰ দিনা কাৰিকৰী বিশেষজ্ঞ কমিটি এখন গঠন কৰি দিলে। এই কমিটিখনত আছিল–
1. Dr. B. L. Chaudhury, DHS, Assam.
2. Dr. S. N. Sarma, Principal, AMC.
3. DR. I. Jahan, Professor of Physiology,
AMC.
4. Dr. O. Langdon, Professor of Anatomy,
AMC.
5. Sri Pundarikakhya Sarma, Chief Public Health, Assam.
কমিটিৰ সদস্য সকল লগ হৈ গুৱাহাটীৰ বিভিন্ন অঞ্চল যেনে উলুবাৰী, বিৰুবাৰী, জালুকবাৰী, চান্দমাৰী ইত্যাদি আৰু জিলাবোৰৰ ভিন ভিন অঞ্চল কেবাবাৰো ঘুৰিমেলি পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত ২৬ এপ্রিল তাৰিখে তেখেতসকলৰ প্ৰতিবেদন দাখিল কৰিলে। কমিটিৰ প্ৰতিবেদনত উল্লেখ কৰা হল যে ইং ১৯৬০ চনৰ আগষ্ট মাহৰ পৰাই গুৱাহাটীৰ জালুকবাৰীৰ আয়ুর্বেদিক কলেজৰ
মহাবিদ্যালয়খনত পাঠদান কাৰ্য্যৰ আৰম্ভনি কৰা হয়।
চিকিৎসা মহাবিদ্যালয়ৰ কাম কাজ আৰম্ভ হল যদিও সমস্যা আহিল প্রয়োজন অনুপাতে শিক্ষক কৰ্মচাৰীৰ অভাৱ, ছাত্ৰ ছাত্ৰীসকলৰ থকাখোৱাৰ বাবে হোষ্টেলৰ অভাৱ, শিক্ষক কৰ্মচাৰীসকলৰ আৱাসৰ অভাৱ ইত্যাদিক লৈ। সময়ত চৰকাৰে এই আটাইবোৰ অভাৱ অভিযোগৰ মোকাবিলা কৰিবলৈ সক্ষম হ’ল। ১৯৬০ চনৰ আগষ্ট মাহৰ পৰা আৰম্ভ কৰি 1961 চনৰ জুন মাহ পর্যন্ত ডাঃ আই, জাহান চাৰেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰধান দায়িত্ব বাহক হিচাবে কার্য্য নির্বাহ কৰিছিল। তাৰ পিছত ডাঃ এছ, এন, শর্মা ডাঙৰীয়াক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা বদলি কৰি আনি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্ণ পৰ্য্যায়ৰ অধ্যক্ষ হিচাবে কাৰ্য্যভাৰ চম্ভালিবলৈ দায়িত্ব অর্পণ কৰে আৰু সেই সূত্রেই তেখেতক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাবে জনা যায়।
অসম চৰকাৰে ইতিমধ্যে অভিজ্ঞ Architect Engineers Mr. J. K. Chaudhury from Goalpara, Assam and Mr. Gulzar Sing from Delhi ৰ নিৰ্দেশানুযায়ী Assam Government Construction Corporation ৰ জড়িয়তে নৰকাচল পাহাৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰে। সেই সময়ৰ মুখ্যমন্ত্ৰী বিমলা প্রসাদ চলিহা দেৱে ১৯৬৩ চনত ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। ১৯৬৫ চনত ( দুই নম্বৰ) আৰু ১৯৬৬ চনত (চাৰি নম্বৰ) লৰাৰ বাবে দুটা হোষ্টেল সম্পূর্ণ হৈ উঠে ১৯৬৮ চনত পাহাৰৰ ওপৰৰ মহাবিদ্যালয় ভৱনটো সম্পূর্ণ হয়। ১৯৬৮ চনৰ চেপ্তেম্বৰ মাহত সেই সময়ৰ অসমৰ গভৰ্ণৰ শ্ৰীযুত বি, কে, নেহেৰুৱে এই নতুন ভৱনটোৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।
ইতিমধ্যে শিলচৰৰ ঘুংগুৰত শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে নৱনিৰ্মিত স্থায়ী ভৱন সাজু হৈ উঠে আৰু ১৯৬৮ চনৰ ১৫ আগষ্ট তাৰিখে তাৰ শুভ উদ্বোধন কৰা হয়। ডাঃ ৰুদ্ৰ গোস্বামী ডাঙৰীয়াক শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ তত্ত্বাৱধায়ক হিচাবে নিযুক্তি দিয়া হয় আৰু সেই তেতিয়াৰে পৰা আনুষ্ঠানিক ভাৱে চিকিৎসা মহাবিদ্যালয়দুখনৰ পৃথকীকৰণ পৰ্ব সম্পূৰ্ণ হয়।
অন্যহাতে সদ্যহতে শিলচৰত তেনেকুৱা সুবিধাজনক ঠাই নাই বুলি প্রতিবেদনত উল্লেখ কৰিলে যদিও গুৱাহাটী মেডিকেল কলেজৰ কাৰণে উলুবাৰী আৰু শিলচৰ মেডিকেল কলেজৰ কাৰণে ঘুংগুৰকেই স্থায়ী স্হান হিচাবে ঘোষণা কৰিলে। গতিকে সেই প্ৰতিবেদনৰ ওপৰত ভিত্তিকৰি অসম চৰকাৰে জালুকবাৰীৰ আয়ুর্বেদিক কলেজতেই Pre Clinical ৰ ক্লাছ সমূহ আৰম্ভকৰিবলৈ সিদ্ধান্ত ললে। প্ৰথমতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে ৬০ খন আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে ৪০ খন মুঠ ১০০ খন আসনৰ বাবে নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হল। চৰকাৰে No.–MM–D/275/60/45 dated the 16th June/1960 নম্বৰৰ এখন অৰ্দাৰ যোগে তেতিয়াৰ অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ অধ্যক্ষ Dr. S. N. Sarma মহোদয়ক বিভাগীয় কাম কাজ আৰম্ভ কৰিবলৈ আনুসাংগিক ব্যৱস্থাপনাৰ বাবে দায়িত্বভাৰ অৰ্পন কৰিলে। তাৰোপৰি তেখেতকেই গুৱাহাটী আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় দুখন স্থায়ীভাৱে স্হাপন কৰিবলৈকো প্রয়োজনীয় ব্যৱস্থাসমূহ গ্রহণ কৰিবলৈ কর্তৃত্ব প্রদান কৰিলে।
সেই অনুসৰি ১৯৬০ চনৰ আগষ্ট মাহৰ ভিতৰত আয়ুর্বেদিক কলেজৰ খালিঘৰটো অধিগ্ৰহণ কৰা হয় আৰু ১৯৬০ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে আনুষ্ঠানিক ভাৱে চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰা হয়। চেপ্তেম্বৰ মাহৰ ভিতৰতেই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় পৰিষদত সাক্ষাৎকাৰ পাতি ১০০ জন শিক্ষার্থীক বাচনি কৰা হয়। তাৰ পিছত Pre Clinical ৰ ক্লাছসমূহ ১৯৬০ চনৰ ১০ অক্টোবৰৰ পৰা পৰ্য্যায়ক্রমে আৰম্ভ কৰা হয়। কলেজৰ বাবে শিক্ষকসমূহ তলত দিয়া ধৰণে অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰাই আদৰি অনা হয়। সেইসকল মহান শিক্ষাগুৰু আছিল–
1. Dr. I. Jahan, Professor of Physiology and in–charge of College Activity.
2. Dr. O. Lyndoh, Professor of Anatomy and in–charge of
Office Work.
3. Dr. Pratul Goswami for Biochemistry.
4. Sri Narayan Deka, Assistant Professor of Chemistry.
কালক্ৰমত এই দুয়োখন চিকিৎসা মহাবিদ্যালয়েই সময়ৰ সৈতে সোঁত মিলাই আধুনিক চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত দোপত দোপে আগবাঢ়ি গৈ আজিৰ অৱস্থাত উপনীত হৈছেহি। তাৰ পিছত অৱশ্যে কিছুবছৰলৈ অসমত নতুন চিকিৎসা মহাবিদ্যালয়ৰ কথা চিন্তা কৰা হোৱা নাছিল। তাৰ প্ৰধান কাৰণ সমূহ আছিল বিত্তীয় নাটনি, মহাবিদ্যালয়ৰ বাবে স্হান নিৰ্ধাৰণ আৰু ভূমি অধিগ্ৰহণৰ জটিলতা, বিভাগীয় বাধাবিঘিনি ইত্যাদি।
কিন্তু সিবিলাক বাধাবিঘিনিৰ পিছতো অসমত ক্রমাগত ভাৱে বৃদ্ধি পোৱা জনসংখ্যাৰ পৰিসংখ্যালৈ চাই নতুনকৈ আৰু কিছু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰয়োজন আহি পৰিল। ২০০৫ চনত তেতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈৰ নেতৃত্ব আৰু স্বাস্থ্যমন্ত্রী শ্রীযুত হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত কেবিনেট বৈঠকৰ জড়িয়তে অসমৰ যোৰহাট, তেজপুৰ আৰু বৰপেটাত পৰ্য্যায়ক্রমে আৰু তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে সিদ্ধান্ত লোৱা হয়।
যোৰহাট চিকিৎসা মহাবিদ্যালয়:–
==
২০০৮ চনৰ ১ জুন তাৰিখৰ ভূমি পূজনৰ পিছত সেই চনৰে ২৫ আগষ্ট তাৰিখে মাননীয় প্রধানমন্ত্রী মনমোহন সিঙ ডাঙৰীয়াই এই যোৰহাট মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰে। ২০০৯ চনৰ ১২ অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এই মেডিকেল কলেজ খনৰ শুভ উদ্বোধন কৰে। ২০১০ চনৰ পৰাই ১০০ জন ছাত্র ছাত্রীৰ নামভৰ্ত্তিৰ জড়িয়তে এই যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা শিক্ষাৰ পাঠদান কাৰ্য্যৰ আৰম্ভ হয়। এতিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয় ভাৰতবৰ্ষৰ ভিতৰতে চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত এখন উন্নত মানৰ চিকিৎসাশিক্ষানুষ্ঠান হিচাবে পৰিগণিত হৈ উঠিল। এইটো আমাৰ বাবে এক গৌৰৱৰ প্ৰতীক।
ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়:
যোৰহাটৰ পিছত নামনি অসমৰ বাবে এখন মেডিকেল কলেজ স্থাপনৰ যোজনা আৰম্ভ হয়। এই পৰিকল্পনাৰ ফলস্বাৰত ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ জন্ম হয়।
এই চিকিৎসা মহাবিদ্যালয়খন বৰপেটাত স্থাপন কৰা হয়, যাৰ লক্ষ্য আছিল নামনি অসমৰ ৰাইজৰ বাবে উন্নত চিকিৎসা শিক্ষা আৰু স্বাস্থ্য সেৱা উপলব্ধ কৰোৱা।
কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়:-
একেটা দিনতেই অৰ্থাৎ 2023 চনৰ ১৪ এপ্রিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই অসমৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়খনৰো শুভ উদ্বোধন কৰে আৰু ইয়াতো ১০০ জন ছাত্র ছাত্ৰীৰ নামভৰ্ত্তি কৰা হয়।
তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়:-
==
2019 চনৰ 7 জানুৱাৰীৰ দিনা তেতিয়াৰ অসমৰ মূখ্যমন্ত্ৰী মাননীয় সৰ্ব্বানন্দ সোণোৱাল ডাঙৰীয়াই অসমৰ একেবাৰে পূৱ প্ৰান্তৰ তিনিচুকীয়াত মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰে। ২০২৪ চনৰ ৯ মাৰ্চৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ইয়াৰ শুভ উদ্বোধন কৰে। এই বছৰৰ পৰা (২০২৪ চন) ইয়াত ১০০ জন ছাত্ৰ ছাত্ৰীৰ নামভৰ্ত্তিৰে চিকিৎসা শিক্ষাৰ আৰম্ভনি কৰা হয়।
আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী:–
===
১৯৮২ চনত উত্তৰ পূব পৰিষদৰ অধীনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্নকৈ এখন পৃথক পূর্ণাংগ দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়। অধ্যাপক ডাঃ ভূগীৰাম ভূঞাক ইয়াৰ প্ৰতিস্থাপক অধ্যক্ষ হিচাবে মনোনীত কৰা হয়।
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ:-
==
2018 চনৰ ফেব্ৰুৱাৰী মাহত শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্নকৈ অসমত আৰু এখন নতুন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰি পাঠদান কাৰ্য্যৰ আৰম্ভ কৰা হয়।
চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, ডিব্রুগড় :-
2023 চনৰ ২৫ মার্চ তাৰিখে ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্নকৈ অসমত আন এখন দন্ত চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়।
আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়, গুৱাহাটী:–
==
১৯৭৭ চনৰ 3 অক্টোবৰত গুৱাহাটী মেডিকেল কলেজৰ সংলগ্নকৈ উত্তৰ পূৱ পৰিষদৰ অধীনত এখনি পূৰ্ণাংগ আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ৰ আৰম্ভনি কৰা হয় যিখনিৰ ১৯৭৭ চনৰেই 5 ডিচেম্বৰ তাৰিখে শুভ উদ্বোধন কৰে তেতিয়াৰ অসম আৰু মেঘালয়ৰ ৰাজ্যপাল মাননীয় এল, পি, সিং ডাঙৰীয়াই। বর্তমান এইখন এখন ভাৰতবৰ্ষৰ ভিতৰতেই নামজ্বলা উচ্চ পৰ্যায়ৰ নাৰ্ছিং স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষানুষ্ঠানত পৰিনত হৈছেহি।
ইয়াৰ পিছত অসম চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্নকৈ B. SC. Nursing college, Dibrugarh আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্নকৈ B. SC. Nursing college, Silchar নামেৰে দুখন সম্পূৰ্ণ পৃথককৈ চৰকাৰী নাৰ্ছিং মহাবিদ্যালয় প্ৰতিস্স্স্থা কৰা হয়।
ইতিমধ্যেই অসমৰ মেডিকেল কলেজ আৰু চিভিল হস্পিতালবিলাকৰ লগত সংলগ্নকৈ চৰকাৰী খণ্ডত বহুত GNM, ANM শিক্ষাৰ নাৰ্ছিং স্কুল আছেই। তাৰ সমান্তৰাল ভাৱে আছে চৰকাৰী খণ্ডৰ বিভিন্ন B. PHARM; D. PHARM INSTITUTE. আৰু আছে বিভিন্ন Degree/Diploma ৰ বাবে Laboratory Technicians, Radiology Technicians, OT Technicians, ICU Technicians, ECG Technicians, Ophthalmology technicians, Audiometry technicians ইত্যাদিৰ প্ৰশিক্ষণৰ চৰকাৰী ব্যৱস্থা।
ইয়াৰ ওপৰিও অসমত বেচৰকাৰী খণ্ডতো আছে নাৰ্ছিং আৰু টেকনিচিয়ান প্রশিক্ষণৰ বাবে অসংখ্য অনুষ্ঠান প্রতিষ্ঠান। আৰু এই আটাইবোৰেই আমাৰ অসম চৰকাৰৰ পৰিষদ (Council) বোৰৰ দ্বাৰা অনুমোদিত শিক্ষণ প্রণালী।
অসমত এতিয়া অনেক সংখ্যক উচ্চ পৰ্যায়ৰ বেচৰকাৰী হস্পিতাল, নাৰ্চিংহোম আৰু ৰিচাৰ্ছ চেণ্টাৰ দেখিবলৈ পোৱা যায় আৰু আধুনিক চিকিৎসা সেৱাৰ ক্ষেত্ৰত সিবিলাকৰো অৱদান উল্লেখযোগ্য।
ধুবুৰী চিকিৎসা মহাবিদ্যালয়:-
==
আধাৰশিলা স্থাপন–
১৭ ফেব্ৰুৱাৰী, ২০১৭ চন, তেতিয়াৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে, পি, নাদ্দা ডাঙৰীয়াৰ দ্বাৰা।
অ, পি, ডি, সেৱা–
১ জুন, ২০২২ চন। আই, পি, ডি, সেৱা-
২৬ জুলাই, ২০২২ চন। শুভ উদ্বোধন–
১৩ অক্টোবৰ, ২০২২ চন, মাননীয়া মহামহীয়সী ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু ডাঙৰীয়াৰ দ্বাৰা।
প্রতিস্থাপক অধ্যক্ষা–
অধ্যাপক ডাঃ অংকুমনি শইকীয়া। প্রতিস্থাপক অধীক্ষক–
অধ্যাপক ডাঃ গুণজিৎ দাস।
এইখন চিকিৎসা মহাবিদ্যালয়ত প্ৰত্যেক বছৰ ১০০ জন ছাত্র ছাত্ৰীৰ নামভৰ্ত্তি কৰা হয়।
নগাঁও চিকিৎসা মহাবিদ্যালয়:-
2023 বৰ্ষৰ ১৪ এপ্ৰিলৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডী ডাঙৰীয়াই নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ শুভউদ্বোধন কৰে। প্ৰতি বছৰে ইয়াত ১০০ জন ছাত্ৰ ছাত্ৰীৰ নামভৰ্ত্তি কৰা হয়।
বাবে অসম চৰকাৰ বদ্ধপৰিকৰ হৈ পৰিল। ২০১১ চনৰ ১১ ফেব্ৰুৱাৰীত এইখন ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰা হয় আৰু ১০০ জনকৈ ছাত্র ছাত্ৰীৰ নামভৰ্ত্তিৰ জড়িয়তে ইয়াতো চিকিৎসা শিক্ষাৰ পাঠদান কাৰ্য্যৰ আৰম্ভ কৰা হয়। বৰ্তমান সময়ত এইখন এখন চিকিৎসা শিক্ষাৰ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ লেখত লবলগীয়া শিক্ষানুষ্ঠান।
তেজপুৰ চিকিৎসা মহাবিদ্যালয়:–
চৰকাৰৰ নেৰা নেপেৰা চেষ্টাৰ মূৰত ২০১৩ চনত অসমৰ ঐতিহ্য নগৰী তেজপুৰত অসমৰ ষষ্ঠখন চিকিৎসা মহাবিদ্যালয়ৰ জন্ম হয় আৰু বছৰি এশজন ছাত্ৰ ছাত্ৰীৰ নামভৰ্ত্তিৰ জড়িয়তে ইয়াত চিকিৎসা শাস্ত্ৰৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হয়। আজি এই তেজপুৰ চিকিৎসা মহাবিদ্যালয়খনো চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত উন্নত মানৰ এখন শিক্ষানুষ্ঠান।
ডিফু চিকিৎসা মহাবিদ্যালয়:-
আধাৰশিলা স্থাপন:–
২০১১ চনৰ ১৯ জানুৱাৰীত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ দ্বাৰা।
শুভ উদ্বোধন :–
2019 চনৰ 25 অক্টোবৰৰ দিনাখন মাননীয় পীযুষ হাজৰিকা দেৱৰ দ্বাৰা।
লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয়:–
২০১৭ চনত লক্ষীমপুৰ জিলাৰ চৌখাম অঞ্চলত অসমৰ অষ্টম খন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হয়।
শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়:-
আগতে ওপৰত উল্লেখ কৰা অসমৰ বিভিন্ন চিকিৎসাৰ শিক্ষানুষ্ঠান আৰু প্ৰতিষ্ঠানসমূহ ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত নিয়ন্ত্ৰিত আৰু পৰিচালিত আছিল। কিন্তু সময়ৰ লগেলগে যেতিয়াই এই অনুষ্ঠান প্রতিষ্ঠান বোৰৰ সংখ্যা বাঢ়িবলৈ ধৰিলে তেতিয়াই ইবিলাকৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাৰ বাবে এক সুকীয়াকৈ চিকিৎসা বিশ্ববিদ্যালয়ৰ প্ৰয়োজন আহি পৰিল। তেতিয়া ২০০৯ চনত অসমৰ মূখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ দেৱৰ নেতৃত্বত আৰু স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত ডঃ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতে শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় (SRIMANTA SANKARDEV UNIVERSITY OF HEALTH SCIENCES) নামেৰে প্ৰথম বাৰৰ বাবে অসমত এখন পূর্ণাংগ চিকিৎসা বিশ্ববিদ্যালয় (MEDICAL UNIVERSITY) প্ৰতিস্থা কৰা হয়। বৰ্তমান এইখন এখন ভাৰতবৰ্ষৰ ভিতৰতেই উন্নত মানৰ বিশ্ববিদ্যালয় হিচাবে পৰিগণিত হৈছেহি।
ইবিলাকৰ সমান্তৰাল ভাৱে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যসমূহতো আধুনিক চিকিৎসাৰ শিক্ষা আৰু চিকিৎসা সেৱাৰ প্ৰসাৰ হবলৈ ধৰিলে। মণিপুৰ, ত্ৰিপুৰাৰ নিচিনাকৈ মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু চিকিমতো মেডিকেল কলেজকে আদি কৰি বিভিন্ন চিকিৎসা শিক্ষাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম হল আৰু সমগ্ৰ জনসাধাৰণে ইবিলাকৰ সুফল লভিবলৈ সক্ষম হ’ল।
আৰু এনেকৈয়ে আহি আহি ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত আধুনিক চিকিৎসাৰ প্ৰচাৰ আৰু প্ৰসাৰ হবলৈ ধৰিলে। ইবিলাকৰ অতন্দ্ৰ সেৱাই উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ সমকক্ষকৈ সুবিধা আৰু সুযোগ প্ৰদান কৰি আহিছে।
” জ্ঞানার্থে প্ৰৱেশ, সেৱাৰ্থে প্রস্থান “
(জ্ঞান আহৰণৰ বাবে প্ৰৱেশ, সেৱা কৰিবৰ বাবে প্ৰস্থান)।
===
Title: “The Silent Healer”
✒️ Dr. Saura Kamal Dutta
Dr. Amina Rai was known throughout the hospital for her brilliance in medicine, but there was something else about her that set her apart—her uncanny ability to heal without a word. She was a soft-spoken, introverted person who never seemed to rush, even during the busiest shifts. Yet, her patients swore by her presence, claiming that just being in her care made them feel better.
One late evening, a young woman named Saira was brought to the emergency room. She was a mother of two, her face etched with fear and exhaustion, and her body frail from a long battle with a severe illness. Despite the best medical treatments, her condition had only worsened.
Dr. Amina entered the room, her white coat sweeping the floor like a gentle breeze. She didn’t speak much; she just smiled softly at Saira and touched her hand. Something about that touch was enough to make Saira feel as if all the worries in the world had been momentarily lifted. She felt seen. Not just as a patient, but as a person.
Over the next few days, Dr. Amina continued to care for her, not just medically, but with a kind of presence that was hard to describe. She would sit beside Saira during the long nights, offering no advice or encouragement, but simply being there, her silence a calming balm for Saira’s frazzled nerves.
The other doctors and nurses often found Dr. Amina in the most unlikely places—sitting with patients who were struggling, or simply offering a listening ear to families. No one could explain it, but there was an undeniable aura around her that helped people heal, not just physically, but emotionally as well.
Weeks later, when Saira’s condition miraculously improved, she sat with Dr. Amina one last time before being discharged. “I don’t know how to thank you,” Saira said, her voice shaky. “I felt like I was sinking, but you… you gave me peace when everything around me was chaos.”
Dr. Amina smiled, her eyes twinkling. “You healed yourself, Saira. I just reminded you of your strength.”
It was in that moment that Saira realized that sometimes, healing wasn’t just about medicine—it was about compassion, presence, and understanding that even in silence, one could make a world of difference.
Awareness via conferences
Dr Deep Jyoti Deuri
Mental illness is a major problem in current scenario. Along with this, we are not in a position to give awareness and treatment coverage in most of the regions of our country due to less number of mental health professionals.
As we are trying from our end as much as possible to create awareness through the health camps from Primary health care, civil hospitals and medical colleges. Also we celebrate the designated days related to mental health illnesses accordingly like World Schizophrenia day. Alzheimer’s disease, World Autism Day etc.
In our conferences or CME, we can keep a session or discussion panel among the community representatives like representative from Panchayat, ASHA workers, Anganwadi Workers, Teachers from Primary schools or any person/representative from community who has direct contact with the public in the community or peripheral level or any Govt officials that has direct involved with the people. We can keep a session of 45 minutes to 1 hour within our conference with media coverage including TV channels or Facebook and live Youtube telecast for future purpose. Involving grassroots workers like ASHA, Anganwadi workers, Panchayat leaders, teachers, etc., ensures the message reaches people who may not otherwise have access to mental health resources. Having government officials and community leaders involved fosters intersectoral collaboration, making mental health a shared responsibility.
If needed, we can train key community representatives who can then conduct micro-awareness sessions in their own areas.
Hope it will have a fruitful impact on the public related to awareness and people will approach the mental health professionals at the early stage of their illnesses rather than visiting the quakes. It will encourage for early help-seeking behavior and can reduce the burden of severe mental illness and combat stigma, especially in rural or underserved areas.
Live telecasts on TV, Facebook, YouTube significantly boost visibility and make it easier for the public to engage with the topic. It can also be replayed or reused as educational content. All the content can be uploaded on a dedicated platform or website so that others can view it later or use it for training purposes. These events can serve as templates for future replication at local or regional levels. We can prepare simple Information, Education & Communication (IEC) materials like pamphlets, posters, and videos that participants can take back and share locally.
It can be a good decision to proceed with this kind of proposal. It aligns with the broader goals of public health awareness, early intervention, and reducing the treatment gap in mental health care. With careful planning and collaboration, it can lead to tangible, long-term benefits for the community.